ফণীভূষণ চৌধুৰীক বিৰোধিতা কৰিলেই বিপদ ভোটাৰৰ - assam politics
🎬 Watch Now: Feature Video

বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ বিৰোধিতা কৰিলেই বিপদ আহি পৰে ভোটাৰৰ মাজত ৷ কিয়নো মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ভোটাৰক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে । বঙাইগাঁও সমষ্টিৰ বিভিন্ন ঠাইত সংঘটিত এনে ঘটনা । অভিযোগ অনুসৰি, ফণীভূষণ চৌধুৰীৰ সমৰ্থক তথা অগপ নেতা মতিন সৰকাৰ নামৰ লোকজনে গাঁৱৰ পৰা খেদি দিয়াৰ ভাবুকি দিছে দেৱানন ৰায় নামৰ বঙাইগাঁৱৰ লোকজনক। ফণীভূষণ চৌধুৰীয়ে নিজৰ পৰাজয়ৰ ভয়ত বহুলোকক এনে ধমকি তথা ভয়-ভাবুকিৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে এই সন্দৰ্ভত ভুক্তভোগী গৰাকীয়ে এখন এজাহাৰো দাখিল কৰিছে বঙাইগাঁও থানাত ।