thumbnail

By

Published : Jul 17, 2021, 9:40 PM IST

ETV Bharat / Videos

বাজেট সন্দৰ্ভত বিজেপি যুৱ মৰ্চাৰ প্ৰতিক্ৰিয়া

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বিত্তীয় বাজেট শুকুৰবাৰে বিধানসভাত দাখিল কৰে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ বিজেপি অসম প্ৰদেশৰ যুৱ মৰ্চাই বাজেটখনক আদৰণি জনোৱাৰ উদ্দেশ্যে শনিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে । সংবাদ মাধ্যমৰ আগত বাজেট সন্দৰ্ভত বক্তব্য দাঙি ধৰি বিজেপি অসম প্ৰদেশৰ যুৱ মৰ্চাৰ সভাপতি অনুপ বর্মনে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক ধন্যবাদ জ্ঞাপন কৰে । বিজেপি অসম প্ৰদেশৰ যুৱ মৰ্চাৰ সভাপতি অনুপ বর্মনে কয় যে 2021-22 বৰ্ষৰ বাজেটত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ ৰূপৰেখা প্ৰতিফলিত হৈছে ৷ বিশেষকৈ 1 লাখ যুৱক-যুৱতীক অসম চৰকাৰৰ 48 টা বিভাগত নিযুক্তি প্ৰদান কৰাৰ যি স্থিতি গ্ৰহণ কৰিছে সেই কথাই নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কথা আৰু কামৰ মাজত যে কোনো পাৰ্থক্য নাই সেই কথাকে প্ৰমাণ কৰে । আনহাতে সুনীল বিপ্লৱৰ জৰিয়তে 2021-22 বৰ্ষত সকলো ৰাজহ গাঁৱত পুখুৰী খন্দাৰ জৰিয়তে মৎস উৎপাদন, কৃষি আৰু পশুপালনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ শলাগ লৈ বিজেপি অসম প্ৰদেশৰ যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনে কয় যে এইসমূহ পদক্ষেপে নিশ্চয়কৈ অসমৰ যুৱ প্ৰজন্মক প্ৰভাৱিত কৰিব ৷ এনে এখন জনমুখী বাজেটক ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ যুৱ মৰ্চাই আদৰণি জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.