নাহৰকটীয়াত বিজয়ী যুৱনেতা তৰংগ গগৈ - নাহৰকটীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11618753-813-11618753-1619969371244.jpg)
সদ্যঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে 15,059 টা ভোটৰ ব্যৱধানত জয় লাভ কৰে ।তৰংগ গগৈয়ে মুঠ ভোট লাভ কৰে 47,934 টা । ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে 32,875 টা ভোট লাভ কৰি দ্বিতীয় স্থান আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে 27,181 টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে । নিৰ্বাচনত জয় লাভ কৰি তৰংগ গগৈয়ে সমষ্টিবাসী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত নিজ কৰ্মৰ যোগেদি সমষ্টিটোৰ উন্নয়ন সাধন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।