যোগেন মহনৰ মন্ত্ৰীসভাত স্থান লাভক লৈ বিজেপি কৰ্মীৰ উৎসাহ

By

Published : May 10, 2021, 7:30 PM IST

thumbnail
সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পাছত এইবাৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে মাহমৰাৰ বিধায়ক যোগেন মহনে । বিধায়কজনে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰীত্ব লাভ কৰাৰ পাছতেই মাহমৰাৰ বিজেপি কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । মন্ত্ৰী যোগেন মহনে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰী হৈ বিগত বৰ্ষৰ আধৰুৱা কামসমূহ সমাধান কৰিব বুলি মন্তব্য কৰে মাহমৰা মিলন পঞ্চায়তৰ সভাপতি নৱকান্ত বৰুৱাই । যোগেন মহনক মন্ত্ৰীত্ব দিয়াৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মাক মাহমৰা ৰাইজৰ হৈ মিলন পঞ্চায়তৰ সভাপতিজনে ধন্যবাদ জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.