thumbnail

By

Published : Oct 22, 2021, 5:16 PM IST

ETV Bharat / Videos

বাইক চোৰে বিচাৰি আহিল Test Dive

বাহন এখন ক্ৰয় কৰিবলৈ যাওতে আপুনি নিশ্চয় test drive বিচাৰে ৷ কিন্তু, এনে এটা test drive য়ে ধনজিৎ ভৰালীক খুৱালে ঢোকে ঢোকে পানী ৷ নিজৰ karizma zmr খন বিক্ৰীৰ বাবে ভড়ালীয়ে দায়িত্ব দিছিল কলগাছিয়াৰ এজন মটৰ-ছাইকেল মেকানিকক ৷ মেকানিক জনেও বিক্ৰীৰ বাবে সাজু কৰিলে মটৰ চাইকেলখন ৷ যথা সময়ত মটৰ চাইকেলখন ক্ৰয় কৰিবলৈ আহিল এজন অচিনাকী গ্ৰাহক, গ্ৰাহকে বিচাৰিলে test drive ৷ কিন্তু, প্ৰকৃততে test drive কৰিবলৈ অহা গ্ৰাহকজন আছিল এটা গভাইত চোৰ ৷ গ্ৰাহকজনে টেষ্ট ড্ৰাইভ কৰিব বুলি কৈ যোৱা ১৬ ছেপ্টেম্বৰত মটৰ ছাইকেলখন লৈ উধাও হয় । পিছত প্ৰৱঞ্চকৰূপী গ্ৰাহকজন ঘূৰি নহাত নিশাই ধনজিৎ ভড়ালীয়ে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পিছত ধৰা পৰাৰ ভয়ত প্ৰৱঞ্চকৰূপী চোৰৰ আত্মীয় এজনে মটৰ ছাইকেলখন মইনড়ী আৰক্ষী চকীত জমা দিয়ে যদিও প্ৰৱঞ্চকৰূপী চোৰজন পলাতক হৈ আছিল ৷ দীৰ্ঘদিন চলোা অভিযানৰ অন্তত বাইক চোৰটোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.