লখিমপুৰ: প্ৰতিবাদত কঁপিল লখিমপুৰৰ সোৱণশিৰিৰ পাৰ । সোমবাৰে লখিমপুৰৰ সোৱণশিৰিৰ পাৰত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে শ শ লোকে । অঞ্চলটোত সোৱণশিৰি নৈৰ খহনীয়া ৰোধ, বাট-পথৰ উন্নয়ন আদি বিভিন্ন সমস্যা সমাধান কৰাৰ দাবীত ৰাইজে প্ৰতিবাদেৰে সোৱণশিৰিৰ পাৰ উত্তাল কৰি তোলে ।
উল্লেখ্য যে সোৱণশিৰিৰ বান-খহনীয়াত উছন হৈছে শতাধিক পৰিয়ালৰ ঘৰ-বাৰী । যাৰ বাবে সোমবাৰে প্ৰতিবাদত উত্তাল হৈ পৰে সোৱণশিৰিৰ পাৰ । শতাধিক নৈপৰীয়া লোক ওলাই আহি ন-আলিৰ সমীপত সোৱণশিৰিৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে ।
এই অঞ্চলটোৰ প্ৰায় দুশটা পৰিয়ালৰ ঘৰ-বাৰী সোৱণশিৰিৰ খহনীয়াত জাহ গৈছে । বৰ্তমানেও ন-আলিত খহনীয়া অব্যাহত আছে । এলেকাটোত খহনীয়া প্ৰতিৰোধৰ এক ব্যৱস্থা কৰা হৈছিল যদিও সেয়াও সম্পূর্ণ নহ'ল । ভালুকৰ সাঙীতহে পৰিণত হ'ল সেই আঁচনি ।
আনহাতে, এলেকাটো সামগ্রিকভাৱে চৰম অৱহেলিত । প্ৰায় চাৰি হেজাৰ জনবসতিৰ অঞ্চলটোত নামত এটা উপ স্বাস্থ্যকেন্দ্র আছে যদিও এটা দশক ধৰি চিকিৎসক-নাৰ্ছৰ দেখা-দেখি নাই । দুৱাৰ খিৰিকী উৱলি গৰু-ছাগলীৰ আৱাসস্থলী হৈ পৰিছে উপ স্বাস্থ্যকেন্দ্রটো ।
ইফালে ন-আলিৰ পৰা চাৰি-পাঁচখন গাঁও সংযোগী একমাত্র গ্ৰাম্য মূল পথটোৰ অৱস্থাও তথৈবচ । বাৰিষাতো বাদেই খৰালিতো বোকা-পানীৰ বাবে পথটোৰে খোজকাঢ়িব নোৱৰা অৱস্থা । এনে এশ এবুৰি সমস্যাৰে জৰ্জৰিত তথা সোৱণশিৰিৰ খহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা অঞ্চলটোৰ ৰাইজে সোমবাৰে নদীৰ পাৰলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰে ।
চৰকাৰ, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অচিৰেই অঞ্চলটোৰ সমস্যাসমূহ সমাধান নকৰিলে জংগী আন্দোলনৰ প্ৰস্তুতি চলাব বুলিও চৰকাৰক সকীয়াই দিয়ে ।