মৰাণ : শ্ৰীমন্ত শংকৰদেৱ সংঘই টাই আহোমৰ মে-ডাম-মেফিত অংশ লোৱা বাবে এজন সদস্য়ক বহিষ্কাৰ কৰাক লৈ সোণাৰিত সোমবাৰে টাই আহোম যুৱ পৰিষদে (টাইপাৰ) প্ৰতিবাদ সাব্যস্ত কৰিছে । সংগঠনটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহেৰে প্ৰতিবাদ কৰি আগন্তুক দিনত যদি শংকৰ সংঘৰ কৰ্তৃপক্ষই সংবিধান সংশোধন কৰি অসমীয়া সমাজখন চলাই নিয়াত সহযোগিতা নকৰে ভৱিষ্যতে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ হ'ব বুলি হুংকাৰ দিছিল । ইয়াৰ পাছতে এইবাৰ টাইপাৰ বিৰুদ্ধে সৰৱ শ্ৰীমন্ত শংকৰ সংঘ ।
টাইপাই সোণাৰিত সংঘৰ সংবিধান দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই সোমবাৰে নিশা সোণাৰি আৰক্ষী থানাত সংঘৰ এটা সঁজাতি দলে টাইপাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ । সংঘৰ চৰাইদেউ জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতি বিষয়ববীয়া উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । উল্লেখ যে শেহতীয়াকৈ গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মেফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰা বাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে ।
এই খবৰ ৰাজহুৱা হোৱাত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে । এই ঘটনাৰ পাছতে শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় টাই আহোম যুৱ পৰিষদে । তাৰ পিচতেই আৰক্ষী থানাত সংঘৰ সঁজাতি দলটোৱে টাইপাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ।
এজাহাৰত কি বুলি উল্লেখ কৰিছে :
এজাহাৰত উল্লেখ কৰিছে "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰ আধাৰত গঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ অতি সম্প্ৰতি ২৭ টাই জাতি জনগোষ্ঠীয় লোকেৰে সংপৃক্ত হৈ জাতীয় জীৱনলৈ নিৰলস সেৱা আগবঢ়াই অহা বিশ্ব সমাদৃত জাতীয় অনুষ্ঠানলৈ পৰ্যবসিত হৈছে । উল্লেখ যে আজি ইং ১৭/০২/২০২৫ তাৰিখে সোণাৰি নগৰৰ মাজমজিয়াত টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা নামৰ সংগঠনৰ কাৰ্যকৰ্তা শ্ৰী উদ্দীপ গগৈ ( পিতা বিনোদ গগৈ)ৰ নেতৃত্বত কেইজনমান ব্যক্তিয়ে দেশৰ অগ্ৰণী অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকাশক্তি স্বৰূপ পবিত্ৰ সংবিধান দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ লগতে অনাগত দিনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই যদি সংবিধান সংশোধন নকৰে তেনেহ'লে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে ভাবুকি প্ৰদান কৰিছে । টাইপাৰ কাৰ্যকৰ্তাসকলৰ এনে প্ৰতিবাদী কাৰ্যসূচীয়ে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ স্বাভিমান আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মৰ ঐশ্বৰ্যময় সত্তাটোক কুঠাৰঘাট কৰিছে । তদুপৰি উত্তৰ-পূব ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শ্ৰদ্ধা,সন্মান,মৰ্যাদা, ভাতৃত্ববোধ আৰু সমন্বয় ৰক্ষাত ব্ৰতী হৈ অহা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰে শতবৰ্ষ গৰকিবলৈ আগবাঢ়ি যোৱা জাতীয় অনুষ্ঠানটিক জনমানসত হেয় প্ৰতিপন্ন কৰিব খোজা এনে কাৰ্যই লক্ষ লক্ষ ভকতৰ মনত প্ৰচণ্ড আঘাত দিয়াৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তেখেতসকলৰ এনে উচতনিমূলক বক্তব্যৰ জৰিয়তে সমগ্ৰ অসমতে বিৰূপ প্ৰভাৱ পৰাৰ লগতে শান্তি শৃংখলা, ঐক্য সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকাই দেখা দিছে ।
সংবিধান জ্বলোৱা দুস্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে :
সোণাৰি আৰক্ষীৰ থানাত টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সংঘৰ এগৰাকী বিষয়ববীয়াই সাংবাদিকৰ আগত কয়, "শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান । এই অনুষ্ঠান এখন সংবিধানৰ ওপৰত চলে । গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শৰে পৰিচালিত হোৱা এখন সংবিধান । সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি লাখ লাখ ভকতে ধৰ্মীয় অনুষ্ঠানটো পৰিচালিত কৰি আহিছে । টাইপা নামৰ সংগঠনটোৱে সংবিধান দাহ কৰিছে, সেই ক্ষেত্ৰত আমি মনত অত্যন্ত দুখ পাইছো । সংবিধান জ্বলোৱা দুস্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বুলি এজাহাৰ দাখিল কৰিছো ।"