ETV Bharat / entertainment

হোটেলৰ কোঠাত কি হৈছিল অভিনেত্ৰী অমৃতা গগৈৰ সৈতে ?

ৰাস অনুষ্ঠানত ভাগ ল’বলৈ আহি নগাঁৱৰ এখন হোটেলত এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগ অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ ।

actor amrita gogoi faces a scary incident during her raas mahotsav stay in nagaon
অভিনেত্ৰী অমৃতা গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

নগাঁও: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো চলি আছে ৰাস ৷ এই ৰাসৰ মাজতে ঘটিল এটা অঘটন ৷ ৰাস মহোৎৱত অংশগ্ৰহণ কৰিবলৈ আহি এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ।

বিগত ২১ নৱেম্বৰত এগৰাকী বান্ধৱীৰ সৈতে নগাঁৱৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিছিল অমৃতা ৷ বান্ধৱীৰ সৈতে অহা অভিনেত্ৰী অমৃতাক ৰাস কমিটীয়ে হোটেল চানযুক্তিৰ ৩০৪ নম্বৰ কোঠাটো বুক কৰি দিছিল ৷

ৰাসৰ অন্তত নিশা হোটেল চানযুক্তিৰ ৩০৪ নম্বৰ কোঠালৈ উভিতিছিল অমৃতা গগৈ । প্ৰায় 3 মান বজাত আজৰি হৈ তেওঁলোক দুয়ো শুবলৈ যায় ৷ কিন্তু পুৱা প্ৰায় 5 মান বজাত অকস্মাতে সাৰ পাই যায় অমৃতা ৷ উঠি দেখে যে তেওঁৰ বান্ধৱীগৰাকীয়ে দুৱাৰৰ ফালে চাই আছে ৷ অমৃতাৰো চকু সেইফালে যোৱাত দেখিলে যে দুৱাৰৰ লকটো লাহে লাহে ঘূৰি আছে ৷ তাৰ পিছতেই পুৱতি নিশা কোনো অচিনাক্ত লোকে অভিনেত্ৰীগৰাকী থকা কোঠাটোৰ দুৱাৰৰ লক ভাঙিবলৈ চেষ্টা কৰা বুলি সামাজিক মাধ্যমযোগে অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

হোটেল কৰ্তৃপক্ষৰ ভাষ্য (ETV Bharat Assam)

দেওবাৰে নিশা ফেচবুক লাইভৰ জৰিয়তে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰি হোটেলখনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰে অভিনেত্ৰী অমৃতা গগৈয়ে ৷ আনকি হোটেল কৰ্তৃপক্ষই চিচি টিভিৰ ফুটেজ দেখুওৱাবলৈয়ো সক্ষম নোহোৱাৰ অভিযোগ তোলাৰ পাছতেই তোলপাৰ লাগে । এতিয়া অভিনেত্ৰীগৰাকীৰ অভিযোগ সন্দৰ্ভত মুখ খুলিছে হোটেল কৰ্তৃপক্ষই । সামাজিক মাধ্যমযোগে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে নগাঁও বৰঘাট বাইপাছস্থিত হোটেল চানযুক্তিত সন্মুখীন হোৱা ভয়ংকৰ ঘটনাটোৰ বিষয়ে প্ৰকাশ কৰাৰ পাছত হোটেল ‘চানযুক্তি’ৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰকৃততে হোটেল কৰ্তৃপক্ষ, ৰাস কমিটী আৰু অভিনেত্ৰীগৰাকীৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ অভাৱতহে চিচি টিভি কেমেৰাৰ দৃশ্য অভিনেত্ৰীগৰাকীয়ে পোৱাত পলম হৈছে বুলি সদৰী কৰিছে হোটেল কৰ্তৃপক্ষই ।

ইফালে একে নিশাই হোটেলখনলৈ অহা নেপালৰ এটা তীৰ্থযাত্ৰীৰ দলৰ কোনো সদস্যই ভুলবশতঃ অভিনেত্ৰীগৰাকী থকা কোঠাৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে হোটেল কৰ্তৃপক্ষই ।

লগতে পঢ়ক : কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে নটসূর্য নাট সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.