বিজেপিক ভোট দিবলৈ কোন বিধায়কে কাক ৫ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছিল ?
🎬 Watch Now: Feature Video
Published : Nov 25, 2024, 4:34 PM IST
শিলচৰ: অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক কোন ? ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিবলৈ কোনে কাক ৫ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছিল ? আজি শিলচৰত ৰাইজৰ দলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই বিষয়ে ব্য়াখ্য়া কৰিলে দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।
সোমবাৰে সোনাই বিধানসভা সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক অখিল গগৈয়ে কয়," কৰিম উদ্দিন বৰভূঞা জাতে-পাতে দালাল ৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিবলৈ মোক ৫ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছিল কৰিম উদ্দিন বৰভূঞাই ।" শিলচৰত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰি বিধায়ক অখিল গগৈয়ে পুনৰ কয়," কৰিম উদ্দিন বৰভূঞাৰ বিজেপিৰ দালাল । বৰাকৰ ৰাইজে কৰিম উদ্দিনৰ দৰে এজন দালালক বৰাক নৈত বিসৰ্জন দিব লাগে । "
উল্লেখ্য় যে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে দলীয় সভাত অংশগ্ৰহণ কৰিছে । বৰাকৰ তিনিখন জিলাত কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈয়ে কাছাৰৰ দুধপাতিলত আয়োজিত এক অনুষ্ঠানত সোনাইৰ এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাক আক্ৰমণৰ লক্ষ্য় কৰি লয় ।