ETV Bharat / bharat

বাবুলাল মাৰাণ্ডীৰ অপমান সহ্য কৰা নহ'ব: অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা জে এম এমৰ - JMM SLAMS ASSAM CM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ বক্তব্যক প্ৰত্যাক্ৰমণ জে এম এমৰ । দলটোৱে এয়া বাবুলাল মাৰাণ্ডীৰ অপমান বুলি অভিহিত কৰে ।

JMM slams Assam CM
অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা জে এম এমৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 4:40 PM IST

ৰাঁচী: ঝাৰখণ্ড নিৰ্বাচনৰ ফলাফলৰ পিছত আন এক বিষয়ে ৰাজ্যখনৰ ৰাজনীতি উত্তাল কৰি তুলিছে । ইয়াত অৰিহণা যোগাইছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক বক্তব্যই । বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন অব্যাহত ৰাখিবলৈ বিজেপি বিধায়কসকলক মুখ্যমন্ত্ৰীয়ে কৰা আবেদনক লৈ এতিয়া ৰাজ্যখনত ৰাজনীতি আৰম্ভ হৈছে । প্ৰধান শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চাই X পোষ্টত মুখ্যমন্ত্ৰীক সমালোচনা কৰি এই আদেশক বাবুলাল মাৰাণ্ডীৰ অপমান বুলি অভিহিত কৰে ।

জে এম এমে ছ'চিয়েল মিডিয়া X-ত লিখিছে, "বাবুলালজী, আপোনাৰ এই অপমান সহ্য কৰা নহ'ব ।" জে এম এমে মুখ্যমন্ত্ৰীক সমালোচনা কৰি লিখিছে, "যদি তেওঁৰ চৰকাৰ গঠন কৰা হ'লহেঁতেন, তেন্তে ছুপাৰ চি এম তেৱেঁই হ'লহেঁতেনে । বিজেপি বিধায়কসকলৰ নিজা জ্ঞান-বুদ্ধি নাই নেকি যে তেওঁলোকে এতিয়াও এয়া শিকি আছে ? আমি বিজেপিক ২৫ ৰ পৰা ২১ লৈ নমাই আনিছোঁ আৰু যদি এইটো অব্যাহত থাকে, আমি ইয়াক ১১ লৈ নমাই আনিম ।"

জে এম এমে পোষ্টত লগতে লিখিছে, "ঝাৰখণ্ডৰ প্ৰতিগৰাকী বিধায়কে বাংলাদেশ সীমান্ত সুৰক্ষাৰ বিষয়টো উত্থাপন কৰিব । দেশৰ সীমান্ত চম্ভালিবলৈ ব্যৰ্থ হোৱা আমাৰ ঝাৰখণ্ড বিজেপিক জ্ঞান নিদিব ।"

আনহাতে, বিজেপিৰ মুখপাত্ৰ প্ৰদীপ সিনহাই কয়, "হিমন্ত বিশ্ব শৰ্মাজী ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী আছিল । সমগ্ৰ দলটো এটা পৰিয়াল হিচাপে চলে । তিনি মাহ ধৰি তেওঁ সময় দিছিল । তেওঁ ঝাৰখণ্ডক লৈও চিন্তিত । অসমেও জনগাঁথনিগত পৰিৱৰ্তনৰ ফল ভোগ কৰিছে । তেওঁৰ পৰামৰ্শত জে এম এমৰ কিয় কষ্ট হৈছে ?"

প্ৰদীপ সিনহাই লগতে কয় যে বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টোত দলটো একমত আছিল । ফলাফল যদিও বিজেপিৰ পক্ষত অহা নাই, কিন্তু দলটোৱে ইয়াক উপেক্ষা কৰিব নোৱাৰে ।

উল্লেখ্য যে ২৪ নৱেম্বৰত ইণ্ডিয়া ব্লকৰ সপক্ষে ঝাৰখণ্ডত নিৰ্বাচনৰ ফলাফল ওলাই অহাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত কৈছিল যে বাংলাদেশী অনুপ্ৰৱেশ ঝাৰখণ্ডৰ বাবে এক গুৰুতৰ সমস্যা ।

আগন্তুক দিনত ই ঝাৰখণ্ডৰ ব্যাপক ক্ষতি কৰিব পাৰে । সেয়েহে বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাটো ৰাজ্য চৰকাৰৰ সাংবিধানিক কৰ্তব্য । তেওঁ নিৰ্বাচিত বিধায়কসকলক সদনৰ মজিয়াত এই বিষয়টোত উচ্চস্বৰে মাত মাতিবলৈও অনুৰোধ জনায় ।

লগতে পঢ়ক :ঝাৰখণ্ডত বিজেপি জিকিব বুলি কেতিয়াও দাবী কৰা নাছিলোঁ: হিমন্ত বিশ্ব শৰ্মা
লগতে পঢ়ক :ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলে দুখ দিছে ড৹ শৰ্মাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.