জয়ৰ ক্ষেত্ৰত আত্মবিশ্বাসী বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা
🎬 Watch Now: Feature Video
Published : 3 hours ago
নগাঁও : ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে । শেহতীয়া তথ্য মতে, চাৰিটা সমষ্টিত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে । আনহাতে, চামগুৰি সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে ।
চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত । ভোটগণনা কেন্দ্ৰত উপস্থিত হয় বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা । নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত দিপ্লুৰঞ্জন শৰ্মাই কয়, "চামগুৰিৰ ৰাইজে এইবাৰ বিজেপিৰ পক্ষত ৰায়দান কৰিছে । পূৰ্বে চামগুৰিৰ বিজেপিয়ে ভোট লাভ নকৰা এলেকাসমূহত এইবাৰ বিজেপিয়ে ভোট লাভ কৰিছে ।"
তেওঁ লগতে কয়, "চামগুৰিৰ ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত ভোটদান কৰিছে । তৃতীয় ৰাউণ্ডৰ শেষত যিটো ফলাফল সেয়াই প্ৰমাণ কৰে । কাৰণ পূৰ্বতে এই সময়ত গতি সম্পূৰ্ণ ওলোটা হৈছিল । এইবাৰ তাৰ বিপৰীতে হৈছে । গতিকে আমি সম্পূৰ্ণ আশাবাদী ।"
কংগ্ৰেছ সন্দৰ্ভত তেওঁ কয়, "কেৱল অসমতে নহয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডতো আমাৰ ফলাফল ভাল । কংগ্ৰেছ পৰাজিত হ'লে কেৱল ইভিএমক দোষাৰোপ কৰে । চামগুৰি সমষ্টিৰ পৰা আমি জয়ী হ'ম বুলি আত্মবিশ্বাসী ।"