ETV Bharat / sports

কেংগাৰু বাহিনীক পৰাস্ত কৰি WTC পইণ্ট তালিকাৰ শীৰ্ষত ভাৰত - WTC POINTS TABLE

World test championship points: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত ভাৰত । পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ সুবাদতে এই কৃতিত্ব অৰ্জন টীম ইণ্ডিয়াৰ ৷

WTC POINTS TABLE
ভাৰত বনাম অষ্ট্ৰেলিয়া (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 25, 2024, 4:29 PM IST

স্প’ৰ্টছ ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচত ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াক 295 ৰাণত পৰাস্ত কৰে । এই চমকপ্ৰদ বিজয়ৰ সুবাদতে টীম ইণ্ডিয়াই পুনৰ এবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে ৷

বিগত সময়ত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত 3 খন মেচৰ ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতে পৰাজয়বৰণ কৰাৰ পিছত পইণ্ট তালিকাৰ শীৰ্ষস্থান হেৰুৱাই দ্বিতীয় স্থানত উপনীত হৈছিল ৷ সেই সময়ত ভাৰতক অতিক্ৰমি অষ্ট্ৰেলিয়াই তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল ৷

কিন্তু অষ্ট্ৰেলিয়াই পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত খেলা প্ৰথমখন টেষ্টত জয়লাভ কৰাৰ পিছতে ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষস্থান পুনৰুদ্ধাৰ কৰে ৷

শীৰ্ষস্থানত ভাৰতৰ আধিপত্য়

বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ 15 খন খেলত আছে মুঠ 110 পইণ্ট ৷ দলটোৱে খেলা মেচসমূহৰ ভিতৰৰ 9 খনত জয়লাভ কৰাৰ বিপৰীতে 5 খনত পৰাজয়বৰণ কৰিছে ৷ তদুপৰি এখন খেল অমীমাংসিতভাৱে সামৰণি পৰিছে ৷ টীম ইণ্ডিয়াৰ পি চি টি হৈছে 61.11, যাৰ বাবে ভাৰতীয় দলটো শীৰ্ষস্থানত উপনীত হ’বলৈ সক্ষম হয় ৷

আনহাতে, অষ্ট্ৰেলিয়াৰ দলটোৱে 13 খন খেলৰ 8 খনত জয়, 4 খনত পৰাজয় আৰু এখন অমীমাংসিতভাৱে সামৰণি পৰা মেচৰ সৈতে অৰ্জন কৰিছে 90 পইণ্ট । কেংগাৰু বাহিনীৰ বৰ্তমানৰ পি চি টি হৈছে 57.69, যাৰ বাবে তেওঁলোক আছে তালিকাৰ দ্বিতীয় স্থানত ।

শ্ৰীলংকাৰ ক্ৰিকেট দলটো 60 পইণ্ট আৰু পি চি টি 55.56 ৰ সৈতে তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে নিউজিলেণ্ডে 72 পইণ্ট আৰু 54.55 পি চি টিৰ সৈতে চতুৰ্থ স্থানত আছে । দক্ষিণ আফ্ৰিকা আছে তালিকাৰ পাঁচ নম্বৰত । দলটোৰ আছে 52 পইণ্ট আৰু পি চি টি হৈছে 54.17 । তদুপৰি ইংলেণ্ড ষষ্ঠ আৰু পাকিস্তান তালিকাৰ সপ্তম স্থানত আছে ।

পাৰ্থ টেষ্টৰ ফলাফল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰে 150 ৰাণ । প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ দলটোৱে সংগ্ৰহ কৰে 104 ৰাণ ৷ ইয়াৰ পিছত ভাৰতে 6 উইকেটৰ বিনিময়ত 478 ৰাণত দ্বিতীয় ইনিংছ ঘোষণা কৰে ।

ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 534 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে যদিও দলটোৱে দ্বিতীয় ইনিংছত মাত্ৰ 238 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু 295 ৰাণত মেচখন হেৰুৱায় । ভাৰতৰ হৈ যশস্বী জয়ছোৱাল (161) আৰু বিৰাট কোহলীয়ে (100) ৰাণ সংগ্ৰহ কৰে । আনহাতে, যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত 5 টা উইকেট আৰু দ্বিতীয় ইনিংছত 3 টা উইকেট দখল কৰে ।

লগতে পঢ়ক: পাৰ্থত যশপ্ৰীত বুমৰাহ নেতৃত্বাধীন টীম ইণ্ডিয়াৰ জয়; অষ্ট্ৰেলিয়াক হৰুৱাই 47 বছৰীয়া অভিলেখ ভংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.