চামগুৰিত ইমান দিনে ৰকিবুল হুছেইনেহে ৰিগিং কৰিছিল : দিগন্ত কলিতা - DIGANTA KALITA ON RAKIBUL HUSSAIN
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-11-2024/640-480-22957750-thumbnail-16x9-j-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 22, 2024, 8:17 PM IST
বাইহাটা চাৰিআলি : কাইলৈ ঘোষণা কৰা হ'ব ৰাজ্য়ৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল । আৰম্ভ হৈছে জল্পনা-কল্পনা । ইয়াৰ মাজতেই উপ-নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য় কৰিলে বিধায়ক দিগন্ত কলিতাই । ফলাফল ঘোষণাৰ এদিন পূৰ্বেও চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক সমালোচনা কৰিবলৈ নেৰিলে বিধায়কগৰাকীয়ে ।
চামগুৰিত ৰিগিং হোৱা বুলি কংগ্ৰেছে কৰা অভিযোগৰ প্ৰত্য়ুত্তৰত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," চামগুৰিত অতদিনে ৰকিবুল হুছেইনেহে ৰিগিং কৰি আছিল । এইবাৰ উপ-নিৰ্বাচনত ৰিগিং কৰিবলৈ নাপায় বিজেপিৰ ওপৰত অভিযোগ জাপি দিছে ৰকিবুল হুছেইনেহে ।"
বিধায়কগৰাকীয়ে পুনৰ কয়," ৰিগিং হ'লে অকল চামগুৰিত কিয়,অন্য চাৰিটা সমষ্টিৰ কথাও ওলাব লাগিছিল । যদিহে ৰিগিং হোৱাৰ অভিযোগ সঁচা তেতিয়াহ'লে ন্যায়ালয় আছে,নিৰ্বাচন আয়োগ আছে, তাত অভিযোগ দিব লাগিছিল কংগ্ৰেছে ।" সমষ্টিটোৰ অন্তৰ্গত দগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ কোটি ৩৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবগীয়া বিদ্যালয় গৃহৰ শিলান্যাস কৰি এনেদৰে সংবাদ মাধ্যমৰ আগত কয় বিধায়কগৰাকীয়ে ।