ৰঙিয়াত ভৱেশ কলিতাৰ মাৰাথন প্ৰচাৰ অব্যাহত
🎬 Watch Now: Feature Video
ৰঙিয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী ভৱেশ কলিতাই সমষ্টিটোত মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । শাসকীয় দলৰ প্ৰাৰ্থী ভৱেশ কলিতাই গাঁৱে-ভূঞে গৈ দৈনিক ১৫ ৰ পৰা ২০ খন সভাত অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে, মন্ত্ৰীজনৰ সভাসমূহত অধিকাংশ মহিলাৰ উপস্থিতি পৰিলক্ষিত হৈছে ৷ অসমৰ মহিলাসকলৰ আটাইতকৈ প্ৰিয় দল বিজেপি বুলি দাবী কৰে মন্ত্ৰী ভৱেশ কলিতাই । মহিলাসকলে বৰ্তমানৰ চৰকাৰখনৰ পৰা বিভিন্ন সা-সুবিধা লাভ কৰিছে যাৰ বাবে আগন্তুক নিৰ্বাচনত বিজেপিক সমৰ্থন আগবঢ়াব বুলি দাবী কৰে ভৱেশ কলিতাই । ইয়াৰ উপৰিও ৰঙিয়াত বিজেপিৰ মন্ত্ৰগৰাকীৰ কোনো প্ৰতিদ্বন্দী নাই বুলি মন্তব্য় কৰে ভৱেশ কলিতাই ।