thumbnail

By

Published : Nov 9, 2021, 2:24 PM IST

ETV Bharat / Videos

বৰপথাৰত তিহাৰ উৎসৱ পালন

গোলাঘাট জিলাৰ বৰপথাৰৰ চকলি মিৰিগাঁৱত সোমবাৰে নেপালী জনগোষ্ঠীয় তিহাৰ উৎসৱ পালন কৰা হয় । চকলি মিৰিগাঁৱৰ ধ্ৰুৱজ্যোতি ক্লাৱৰ প্ৰাংগণত মহা ধুমধামেৰে পালন কৰা হয় তিহাৰ উৎসৱ । ভৈলী গাই আপোন পাহৰা হয় অঞ্চলটোৰ জনগোষ্ঠীটোৰ লোকসকল । আয়তী আৰু যুৱতীৰ নৃত্য-গীতত মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল ৷ অনুষ্ঠানৰ আৰম্ভণিতে আয়োজক সমিতিৰ লগতে উপস্থিত ৰাইজে ধূপ-বন্তি প্ৰজ্বলন কৰি ইষ্ট দেৱতাৰ আশীষ লয় । নেপালীভাষী গোৰ্খা ভাইসকলে দীপাৱলীৰ সময়ত প্ৰত্যেকৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ দেউচী বা ভৈলী নৃত্য প্ৰদৰ্শন কৰে ৷ কিন্তু এইবাৰ কৰ’ণাৰ সংক্ৰমণৰ বাবে তেওঁলোকে ঘৰে ঘৰে নৃত্য কৰাৰ পৰিৱৰ্তে সমূহীয়াকৈ এই অনুষ্ঠান পালন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.