বিজেপিক অসমৰ পৰা আঁতৰাবই লাগিব: বদৰুদ্দিন আজমল - এ আই ইউ ডি এফ
🎬 Watch Now: Feature Video

'আমি অসমৰ পৰা বিজেপিক বিদায় দিম ৷' দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হৈ বুধবাৰে সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ৷ তেওঁ কয়, অসমৰ পৰা বিজেপিক আঁতৰাবই লাগিব ৷ লগতে কেন্দ্ৰীয় চৰকাৰে সাংসদ পুঁজি মোকলাই নিদিয়াৰ বাবেই সমষ্টিৰ উন্নয়ন স্থবিৰ হোৱা বুলি অভিযোগ উত্থাপন কৰে আজমলে ৷ তদুপৰি মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে উচ্ছেদ কৰা পূৰ্বে পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক দাবী জনাই বদৰুদ্দিন আজমলে ৷