Elephant Tusk Smuggling : বৰপেটাত জব্দ প্ৰকাণ্ড হাতীৰ দাঁত; আটক 5 চোৰাংচিকাৰী - Assam police arrests five persons

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 23, 2021, 8:41 PM IST

অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ বুধবাৰে বৰপেটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰপেটা ৰোড আৰু হাউলী আৰক্ষীৰ যুতিয়া অভিযানত আটক হয় 5 টা চোৰাং চিকাৰী ৷ চোৰাং চিকাৰী কেইটাৰ পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে 2টা হাতীৰ দাঁত (Seized two elephant tusks in Barpeta) ৷ আটকাধীন চোৰাং চিকাৰী কেইটা হৈছে দীপক এক্কা, ৰামসাই গড়, জগন বিশ্বকৰ্মা, লালা হৰষ, সত্য বসুমতাৰী ৷ জানিব পৰা মতে, আটকাধীন সত্য বসুমতাৰীৰ ঘৰ কোকৰাঝাৰত, আনহাতে বাকী চাৰিজনৰ ঘৰ ওডালগুৰি জিলাত ৷ হাতীৰ দাঁত কেইটাৰ লগতে আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ML 05 K 0008 নম্বৰৰ এখন চুইফ্ট বাহন ৷ বৰপেটা আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চোৰাং চিকাৰী কেইটাই ভূটানৰ জংঘলৰ পৰা সৰবৰাহ কৰাৰ উদ্দেশ্যে আনিছিল হাতীৰ দাঁত কেইটা (Smuggling Elephant Tusks) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.