অসম চুক্তিৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত চৰকাৰৰ সৈতে আছুৰ বৈঠক - অসম আন্দোলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12999704-thumbnail-3x2-jjd.jpg)
১৬ বছৰ পিছত অসম চুক্তিৰ বিভিন্ন দফাৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত আছুৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দিপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি ৪১ গৰাকী সদস্যই অংশ গ্ৰহণ কৰে বৈঠকত । বৈঠকত অসম চুক্তিৰ সামগ্ৰিক ৰূপায়ণ, বিশেষকৈ ৬,৭,৯ আৰু ১০ ৰূপায়ণৰ ৰূপৰেখা প্ৰস্তুত তথা এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰা, ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধান, অসম আন্দোলনৰ শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিত সকলৰ পুনৰ সংস্থাপন, ৰাজ্যখনৰ জনসাধাৰণে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা তথা ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ ৰূপৰেখা প্ৰস্তুতৰ বাবে এখন উপ-সমিতি গঠন কৰাৰ বাবে বৈঠকত সিদ্ধান্ত কৰা হয় । এই সমিতিয়ে অসম চৰকাৰৰ তিনি গৰাকী কেবিনেট মন্ত্ৰী আৰু আছুৰ ৫ জনক লৈ গঠন কৰা হ’ব । সমিতি খনে ৩ মাহৰ ভিতৰত এই সম্বন্ধে আলোচনা কৰি ৰূপৰেখা প্ৰস্তুত কৰিব ।