নিজামৰ দেশলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘চিন মোকাম নোহোৱা হ’ব নিজামৰ’’

By

Published : Jan 9, 2022, 4:04 PM IST

Updated : Jan 9, 2022, 6:45 PM IST

thumbnail
দক্ষিণ ভাৰতত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Telangana )৷ তেলেংগনাৰ ৱাৰেংগলত বিজেপিৰ সভাত উদাত্ত ভাষণ অসমৰ মুখ্যমন্ত্ৰীৰ ( Himanta Biswa Sarma addreses public meeting in Telangana) ৷ তেলুগু ভাষাত নিজামৰ দেশৰ ৰাইজক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই ক’লে এতিয়া আৰু নিজামৰ দিন নচলিব, চিন মোকাম নোহোৱা নিজাম, ওৱেছিৰ ৷ হায়দৰাবাদৰ বিমান বন্দৰত বিজেপি কৰ্মকৰ্তাই উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী গৰাকীক (Himanta Biswa Sarma in Hyderabad airport) ৷ তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰ আৰু টিআৰএছৰ সিদ্ধান্ত সমূহকো কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লয় (Himanta Biswa Sarma targets Telangana CM KCR )। ড৹ শৰ্মাই তেলেংগনা চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে, টিআৰএছ প্ৰশাসনত স্বচ্ছতাৰ অভাৱ দেখা গৈছে । তেওঁ কয় যে, কেচিআৰে কিছুমান এনে নেতাৰ সৈতে সহযোগিতা কৰি আছে যিয়ে পৃথক তেলেংগনা ৰাজ্যৰ বাবে সন্মত হোৱা নাছিল । আগন্তুক নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ শাসনভাৰ লাভ কৰিব বুলিও মন্তব্য কৰে ড৹ শৰ্মাই । তেওঁ কয় যে, অসম এখন সৰু ৰাজ্য কিন্তু ই তেলেংগানাতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে । লাখ-কোটি ৰাজহৰ স্বত্বেও, টিআৰএছ চৰকাৰে কেৱল এটা পৰিয়ালৰ বাবে কাম কৰি আছে বুলিও মন্তব্য কৰে ড৹ শৰ্মাই ।
Last Updated : Jan 9, 2022, 6:45 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.