ধুবুৰীত ঔষধৰ দোকানৰ পৰা ড্ৰাগছ জব্দ - ধুবুৰীত ঔষধৰ দোকানত ড্ৰাগছ জব্দ
🎬 Watch Now: Feature Video

ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত চলিছে ড্ৰাগছ অবাধ প্ৰয়োগ । ঔষধৰ দোকানত নিষিদ্ধ ড্ৰাগছ বিক্ৰী হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে । ধুবুৰীৰ ঝগৰাৰপাৰৰ শেল্টুপাৰা অঞ্চলত শনিবাৰে আৰক্ষী আৰু ৪৮ নং চি আৰ পি এফৰ এটা বৃহৎ দলে গোপন তথ্যৰ ভিত্তিত যৌথভাৱে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে ভুল্লু মেডিকেল নামৰ এখন ঔষধৰ দোকানৰ পৰা ড্ৰাগছ জব্দ কৰে ৷ উক্ত ঔষধৰ দোকানত দীৰ্ঘদিনৰে পৰা মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । আৰক্ষী আৰু চিআৰপিএফৰ দলটোৱে ঔষধৰ দোকানখনৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য আৰু হেৰ’ইন জব্দ কৰে । ইয়াৰ লগতে অভিযানকাৰী দলটোৱে ড্ৰাগছ বিক্ৰী আৰু সৰবৰাহৰ কৰাৰ অভিযোগত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰ হামিদুল ইছলামসহ হাফিজুৰ ৰহমান নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে । বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ মাফিয়া দুজনক জেৰা অব্যাহত ৰাখিছে ৷