ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কামাণ্ডাৰ(অৱসৰপ্ৰাপ্ত) মহন্ত পাংগিঙৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - india china war update

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 17, 2020, 9:15 PM IST

Updated : Jun 21, 2020, 2:34 PM IST

ভাৰত-চীন সীমান্তত বৃদ্ধি পাইছে উত্তেজনা ৷ দুয়োখন দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষত 20 জন ভাৰতীয় সেনা ইতিমধ্যে শ্বহীদ হৈছে ৷ সীমান্তৰ উত্তেজনা সন্দভৰ্ত দেশৰ এগৰাকী অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া মহন্ত পাংগিঙৰ সৈতে ইটিভি ভাৰতৰ সহকাৰী বাতৰি সম্পাদক অনুপ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে বাৰ্তালাপ কৰে ৷ দেশে যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে সাজু হৈ থকাটো বাঞ্চনীয় ৷ বায়ুসেনা বিষয়াগৰাকীয়ে কয় যে, 1962ৰ পাচতো আমি চীনৰ সৈতে মুখামুখি হৈছোঁ ৷ 2017 বৰ্ষত উত্তৰ চিকিম আৰু দোকলামত 73 দিন চীনা সৈন্যৰ মুখামুখি হৈছিল ভাৰতীয় সেনা ৷ সেই পৰিস্থিতি অৱশ্যে সফলভাৱে শাম কাটিছিল ৷ তেখেতৰ মতে, চীনৰ ওপৰত ক'ভিড-19 ৰ বাবেও এক হেঁচা আছে ৷ অষ্ট্ৰেলিয়াৰ নেতৃত্বত প্ৰায় 123খন দেশে কৰ'ণা ভাইৰাছৰ প্ৰকৃত উৎস জনাৰ বাবে এটা প্ৰস্তাৱ গৃহীত কৰিছে ৷ এইসমূহ হেঁচা আৰু বহু সংখ্যক ব্যৱসায়ীয়ে চীনৰ পৰা আঁতৰি অহাৰ বাবে কৰা পৰিকল্পনাৰ বিষয়ৰ পৰা দৃষ্টি আঁতৰোৱাৰ বাবে চীনৰ এক কৌশল হ'ব পাৰে ৷
Last Updated : Jun 21, 2020, 2:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.