মাজুলীত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী - সদৌ অসম ছাত্ৰ সন্থা বাতৰি
🎬 Watch Now: Feature Video
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি ৰূপায়ণ কৰিছে "বিক্ষোভ কাৰ্যসূচী" ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মাজুলী জিলা ছাত্ৰ সন্থাই সোমবাৰে জিলা সদৰ গড়মূৰত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদস্থলীৰ পৰা আছুৰ নেতৃবৃন্দই অসম চৰকাৰ আৰু NHPC কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে ৷ মাজুলী, ধেমাজি, লখিমপুৰ আদিকে ধৰি উত্তৰ অসমৰ লাখ লাখ জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বৃহৎ নদীবান্ধ কোনো কাৰণতে নিৰ্মাণ কৰিবলৈ দিয়া নহয় বুলি হুংকাৰ প্ৰদান কৰে আছু কৰ্মীসকলে । তেওঁলোকে কয় যে, সোৱণশিৰি নদীবান্ধে অসমৰ সভ্যতা-সংস্কৃতি আৰু ইতিহাস সম্পূৰ্ণৰূপে ধ্বংস কৰিব । সেয়ে উন্নয়নৰ নামত অসমৰ ভৌগোলিক সৌন্দৰ্য ধ্বংস কৰিব বিচৰা নামনি সোৱণশিৰি নদীবান্ধৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে ৷