আন্দোলনৰ নামত ধন ঘটা ব্যক্তি অখিল গগৈ : সুশান্ত বৰগোঁহাই - বিধানসভা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 14, 2021, 10:10 PM IST

উপ-নিৰ্বাচক কেন্দ্ৰ কৰি থাওৰা সমষ্টিত প্ৰাক্তন বিধায়ক তথা উপ-নিবাৰ্চনত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজৰ বাকযুদ্ধ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে । শাসক দল বিজেপিৰ নেতা-মন্ত্ৰী সকলোৱে অখিল গগৈক বিভিন্ন ধৰণৰ সমালোচনা কৰি তীব্ৰ আক্ৰমণ কৰা সময়তে থাওৰা সমষ্টিত প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইয়ে থাওৰাৰ এক ৰাজনৈতিক সভাত অংশ গ্ৰহণ কৰিবলৈ আহি কয়, অখিল গগৈৰ কথাৰ কোনো মূল্য নাই । অখিল গগৈৰ শিকিবলৈ বহুত বাকী আছে ,আন্দোলনৰ নামত ধন ঘটা ব্যক্তি অখিল গগৈ । বৃহৎ নদী বান্ধৰ নামত আন্দোলন কৰি পুঁজিপতি ব্যক্তিৰ মাটি দখল কৰা আদি বহু আন্দোলন কৰিলে পিছত কি বুজা বুজি হ'ল আৰু আন্দোলন নহ'ল আৰু এতিয়া নিমাত হৈ ৰাজনীতি কৰিছে । কিন্তু অখিল গগৈৰ শিকিবলৈ বহু আছে । অখিল গগৈয়ে বহু যুৱকৰ জীৱন ধ্বংস কৰিলে । থাওৰা সমষ্টিত এনে কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে বিজেপি নেতা সুশান্ত বৰগোহাঁইয়ে । আনহাতে সোমবাৰে থাওৰাৰ এক সভাত অংশ লৈ সাংবাদিকৰ আগত অখিল গগৈয়ে কৈছিল, সুশান্ত বৰগোহাঁইয়ে গাখীৰেৰে গা ধুলেও এইবাৰ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে । উপ-নিৰ্বাচনৰ পূৰ্বে থাওৰা বিধানসভা সমষ্টিত ৰাজনৈতিক চমক দেখাবলৈ আধাৰশিলা স্থাপন কৰি বিজেপি দলৰ নেতা মন্ত্ৰীক লগত লৈ সমষ্টি দখলৰ যিমানেই নাটক নকৰক কিয় কিন্তু এইবাৰ ৰাইজে বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক শিক্ষা দিব বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.