মুখ্যমন্ত্ৰীৰ নহয় স্থানীয় বিধায়কজনৰহে থাকে ভূমি পট্টা দিয়াৰ অধিকাৰ : অখিল - assam goverment

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 23, 2021, 12:30 PM IST

Updated : Oct 23, 2021, 1:31 PM IST

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত ক্ৰমাৎ গৰম হৈ পৰিছে থাওৰাৰ ৰাজনৈতিক পৰিৱেশ । দুটা দিনৰ পূৰ্বেই থাওৰাত কেইবাখনো ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অখিল গগৈৰ লগতে ৰাইজৰ দলক । মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল, ‘অখিল গগৈ বিধায়ক হ'লেও কোনো ধৰণৰ ভূমি পট্টা দিব নোৱাৰে । ভূমি পট্টা দিব চৰকাৰে’ । ইয়াৰ পাচতে থাওৰাত শুকুৰবাৰে মুখ্যমন্ত্ৰীক উভতি ধৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । গগৈয়ে কয় যে, ‘হিমন্ত বিশ্ব শৰ্মাই নাঙলৰ মুঠিত ধৰি নোপোৱাৰ বাবে নাজানে ভূমি পট্টা কেনেকৈ দিয়ে । মুখ্যমন্ত্ৰীয়ে নাজানে ৰাজহ মন্ত্ৰীয়ে ভূমিৰ পট্টা দিব নোৱাৰে বুলি । নিজৰ সমষ্টিত ভূমি পট্টা দিয়াৰ অধিকাৰ কেৱল বিধায়কজনৰহে থাকে । থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হ'লে দুটা বছৰৰ ভিতৰত চৰকাৰী ভূমি দখল কৰি থকা থাওৰাৰ ৰাইজক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি অখিল গগৈয়ে আশ্বাস প্ৰদান কৰে ৷
Last Updated : Oct 23, 2021, 1:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.