thumbnail

By

Published : Sep 7, 2020, 1:08 AM IST

ETV Bharat / Videos

এন এইছ পি চিৰ ট্ৰাক আৱদ্ধ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক

এন এইছ পি চিৰ সামগ্ৰী ভৰ্তি ট্ৰাক আৱদ্ধ কৰিবলৈ গৈ আটক হ’ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী ৷ দেওবাৰে নিশা এনএইচপিচিলৈ টাৰ্বাইনৰ লগতে অন্যান্য সামগ্ৰী কঢ়িওৱা একাংশ বাহন জব্দ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও শাখাৰ এটা দলে ৷ দলটোৱে বাহনসমূহ উৰিয়াগাঁও বাইপাছৰ সমীপৰ ঘাইপথতে আৱদ্ধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ নগাঁঁৱৰ এনএইচপিচি গুদামৰ পৰা এই সামগ্ৰীসমূহ আনি অৰুণাচল অভিমুখে কঢ়িয়াই নিয়া হৈছিল ৷ এই প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে আটক কৰে সংগঠনটোৰ কেইবাজনো নেতা সদস্যক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.