পাঠশালাত AJP আৰু জাতীয় কৃষক শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী - কৃষকৰ সমস্যা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12817372-395-12817372-1629367205884.jpg)
বৃহস্পতিবাৰে পাঠশালাত অসম জাতীয় পৰিষদ আৰু জাতীয় কৃষক শক্তিৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কৃষকৰ ধান চৰকাৰী মূল্যত খাদ্য নিগমৰ দ্বাৰা ক্ৰয় কৰা, অসমৰ প্ৰতিখন গাঁও পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা, অসমৰ সকলো খেতি পথাৰতে জলসিঞ্চনৰ ব্যৱস্থা কৰাকে ধৰি বহু কেইটা দাবী উত্থাপন কৰে সংগঠন দুটাই । কৃষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাৰ নেতৃত্বই । অসমৰ খেতিয়ক সকলো ক্ষেত্ৰতে বঞ্চিত হোৱাৰ উত্তৰ দিবলৈ কৈ চৰকাৰক সমালোচনা কৰে । আনহাতে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো আদানী গ্ৰুপৰ হাতত এৰি দিয়াক লৈও ক্ষোভ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ বজালী জিলা সমিতিৰ সম্পাদকগৰাকীয়ে ।