অসম জাতীয় পৰিষদৰ সভাপতি পদত অধিষ্ঠিত লুৰীণজ্যোতি গগৈ - লুৰীণজ্যোতি গগৈ
🎬 Watch Now: Feature Video
সামৰণি পৰিল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ ৷ শিৱসাগৰত অনুষ্ঠিত অভিৱৰ্তনৰ শেষৰটো দিনত ৪৭ জনীয়া ৰাজ্যিক সমিতি গঠনৰ লগতে দলৰ ৰাজনৈতিক প্ৰস্তাৱ সমূহ গ্ৰহণ কৰা হয় ৷ য'ত দলৰ ভৱিষ্যৎ কাৰ্যপন্থা চলাই নিবলৈ ১৯ দফীয়া এক ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰতিনিধি সভাত ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰতিনিধি সমিতিয়ে লুৰীণজ্যোতি গগৈক দলটোৰ সভাপতি,পবিন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি আৰু জগদীশ ভূঞাক সাধাৰণ সম্পাদক ৰূপে লৈ ১১ গৰাকী উপসভাপতি,১১ গৰাকী সম্পাদক,১১ গৰাকী যুটীয়া সম্পাদক আৰু ১১ গৰাকী সাংগঠনিক সম্পাদকক লৈ পূৰ্ণাংগ সমিতিখন গঠন কৰে ৷