খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমুহীয়া দোৱা
🎬 Watch Now: Feature Video
বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ দ্বিতীয় খণ্ডত আই(Aie) আৰু মানাহ নৈৰ(Manas River) গৰাখহনীয়াত(Erosion) দিশহাৰা নৈপৰীয়া ৰাইজ । বিগত দহদিনে বিঘাই বিঘাই কৃষি ভূমি সহ প্ৰায় 15 টা পৰিয়ালৰ বাসগৃহ বিলীন হৈছে নৈৰ বুকুত । আনহাতে, নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে সন্তোষপুৰ দ্বিতীয় খণ্ডৰ মেওৱা মছজিদটো । জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ বাবে উপায়ন্তৰ হৈ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমূহীয়াভাৱে নেদেখাজনৰ ওচৰত দোৱা মাগি খহনীয়াৰ তাণ্ডৱৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে ৷