৮ আৰু ৯ নবেম্বৰত লামডিং বনাঞ্চলৰ ৫০০ হেক্টৰ ভূমিত চলিব উচ্ছেদ - Lumding reserve forest
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13546974-thumbnail-3x2-jsjjsjjs.jpg)
মুখ্যমন্ত্ৰীয়ে লামডিং বনাঞ্চল উচ্ছেদ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে তৎপৰ হৈছে আৰক্ষী-প্ৰশাসন । বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিং বনাঞ্চল পৰিদৰ্শন কৰিলে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । অহা ৮ আৰু ৯ নবেম্বৰ তাৰিখে লামডিং বনাঞ্চলৰ ৫০০ হেক্টৰ ভূমিত চলোৱা হ’ব উচ্ছেদ । আৰক্ষী বিষয়া জি পি সিঙে লামডিং বনাঞ্চল পৰিদৰ্শন কৰি উচ্ছেদৰ দিনা যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি হোজাই আৰক্ষী অধীক্ষক, জিলা উপায়ুক্ত, DFO আৰু হোজাই জিলাৰ প্ৰশাসনিক বিষয়াৰ লগত শংকৰদেৱ নগৰৰ আৱৰ্ত ভৱনত মত-বিনিময় কৰে ।