নৱবৰ্ষত মুকলি কণ্ঠশিল্পী নীল আকাশৰ অভিমানী - নৱবৰ্ষত মুকলি কণ্ঠশিল্পী নীল আকাশৰ ‘অভিমানী’
🎬 Watch Now: Feature Video

ইংৰাজী নতুন বৰ্ষৰ পহিলা দিনটোত মুক্তি লাভ কৰিছে এটি শ্ৰুতিমধুৰ অসমীয়া ভিডিঅ’ গীত । মুক্তি লাভ কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ (Singer Neel akash)ৰ কণ্ঠৰ ‘অভিমানী’ শীৰ্ষক গীতটি । গুৱাহাটীত মুকলি হোৱা ভিডিঅ’ গীতটোত অভিনয় কৰিছে অভিনেতা বিবেক বৰা (Actor Vivek Bora) আৰু অভিনেত্ৰী ছ'নীয়া তকবিপিয়ে (Actress Soniya Tokbipi) । গীতটো পৰিচালনা কৰিছে পাপলু দাসে । আনহাতে, গীতটোৰ সুৰ কৰিছে ত্ৰিয়ন মহন্তই । উল্লেখ্য যে, দৰ্শকসকলে গীতটো উপভোগ কৰিব পাৰিব Jollywood Now Music নামৰ YouTube চেনেলটোত । নৱবৰ্ষত অসমৰ সংগীত প্ৰেমী ৰাইজে এই গীতটি আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে গীতটিৰ প্ৰয়োজক তথা কলা-কুশলী সকলে ।