thumbnail

By

Published : Oct 28, 2021, 7:29 PM IST

ETV Bharat / Videos

লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও আটছাৰ

ডিব্ৰুগড়ৰ সৌমাৰপীঠ মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত দুৰ্নীতি বন্ধ কৰাৰ দাবীত চাউলখোৱাত আটছা আৰু অসম চাহ মজদুৰ সংঘই বৃহস্পতিবাৰে যৌথভাবে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়ৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ নামত অহা কেইবামাহৰ মধ্যাহ্ন ভোজনৰ চাউলকে ধৰি অন্যান্য ধৰণৰ সামগ্ৰী বিতৰণত অনিময় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । অইলৰ পৰা বিদ্যালয়খনত অতিৰিক্তভাবে শ্ৰেণীকোঠা নিৰ্মাণৰ নামত বৃহৎ ধন প্ৰদান কৰা হৈছিল যদিও বিদ্যালয় কৰ্তৃপক্ষই নিম্নমানৰ সামগ্ৰীৰে শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ উপৰি বিদ্যালয়খনৰ শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা দুৱৰাই বিদ্যালয়ত সময়মতে উপস্থিত নথকাৰ লগতে ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাৰ অভিযোগ কৰিছে আটছা আৰু অসম চাহ মজদুৰ সংঘৰ নেতৃবৃন্দই । আনহাতে বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল প্ৰসাদ চাহুৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা দুৰ্নীতিৰ অভিযোগ জিলা প্ৰশাসনক জনাই অহা স্বত্বেও তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত কৰা নহ’ল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.