চৰকাৰৰ হেমাহিৰ বাবে জহি-খহি গৈছে প্ৰাচীন কীৰ্তিচিহ্ন: টাইপা

By

Published : Jul 17, 2021, 10:30 AM IST

thumbnail
শুকুৰবাৰে চৰাইদেউ জিলাৰ ঐতিহাসিক দগাযুঁজ ৰণকৌশল ক্ষেত্ৰত সদৌ অসম টাই আহোম যুৱ পৰিষদৰ চমুকৈ টাইপাৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় । সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই কংগ্ৰেছ তথা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাই ৷ চৰকাৰে ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰ কৰা কথা কৈ আহিছে যদিও আজিলৈকে যি ধৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ কাৰ্য ব্যৱস্থা হাতত লোৱা নাই ৷ ফলত অসমৰ বহু কীৰ্তিচিহ্ন সংৰক্ষণ অভাৱত জহি খহি গৈছে বুলি অভিযোগ কৰে নৱদ্বীপ বৰুৱাই । সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰাচীন কীৰ্তিচিহ্ন সমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে। কৰ'ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ পতাকা উত্তোলন আৰু মৈডাম তৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। ১৯৯৫ চনৰ ১৬ জুলাই দিনটোত মৰাণত গঠন হৈছিল টাই আহোম যুৱ পৰিষদ নামৰ আহোম জনগোষ্ঠীয় যুৱ সংগঠনটো। টাই আহোম জনগোষ্ঠীৰ অৰ্থনৈতিক, সাংস্কৃতিক, বৌদ্ধিক, শৈক্ষিক, সামাজিকভাবে আগুৱাই নিয়াৰ উদ্দেশ্যৰে টাইপাই সংগ্ৰাম কৰি আহিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.