মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত AAPৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 7, 2021, 10:06 PM IST

thumbnail
পে'ট্ৰল-ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য এতিয়া আকাংশলংঘী ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যত বিভিন্ন দল সংদঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰ তথা যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিৰুদ্ধে ৷ কিন্তু ৰাইজৰ প্ৰতিবাদক বুঢ়া আঙুলি যোগান বিভাগৰ ৷ দিনক দিনে বৃদ্ধি হৈয়েই আছে সামগ্ৰীৰ মূল্য ৷ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সাধাৰণ ৰাইজৰ ৷ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে আম আদমি পাৰ্টীয়েও ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । আম আদমি পাৰ্টীৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ৰাজপথৰে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি গ' বেক, বিজেপি চৰকাৰ হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, আমাক জীয়াই থাকিবলৈ দিয়ক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । অত্যাৱশ্যকীয় সামগ্ৰী তথা পে'ট্ৰল জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰতিৰোধ কৰাৰ দাবীত উপায়ুক্তগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.