হৃদয় কঁপালে ছ’চিয়েল মেডিয়াৰ এটি ভাইৰেল ভিডিঅ’ই - কৰ’ণা ভাইৰাছ
🎬 Watch Now: Feature Video
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে এটি কৰুণ ভিডিঅ’ । অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ এটা দম্পতীয়ে কৰ’ণা ভাইৰাছৰ বাবে স্বাৱ পৰীক্ষা কৰিছিল নৱজাতক সন্তানৰ ৷ কিন্তু দুৰ্ভাগ্য়ক্ৰমে স্বাৱৰ নমুনা সংগ্ৰহৰ পিছতে নৱজাতকটিৰ নাকেৰে তেজ ওলাই মৃত্য়ুক সাৱটি লয় ৷ মৃত শিশুটি বুকুত সাৱটি দম্পতীটোৱে ৰাজপথতে কান্দিব ধৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সেমেকাই তুলিছে প্ৰতিগৰাকীৰে চকুলো ৷