মৰাণত এখন কৰ'ণামুক্ত গাঁও

By

Published : Jun 17, 2021, 3:43 PM IST

thumbnail

অতিমাৰী কৰ’ণাই বহুজনৰ জীৱন কাঢ়ি নিয়াৰ লগতে ইয়াৰ সৈতে আজিও যুঁজ দি আছে বহুজন । ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱে প্ৰায় সলনি কৰি পেলালে জনজীৱন । ইয়াৰ মাজতে মৰাণৰ এখন ব্যতিক্ৰমী গাঁও । যি গাঁৱত ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌত এজনো আক্ৰান্ত হোৱা নাই । মৰাণ বিধান সভা সমষ্টিৰ কোটোহা গাঁও পঞ্চায়ত(Kotoha Gaon Panchayat)ৰ অন্তৰ্গত ভগামূৰ নেপালী গাঁৱ(Bhagamur Nepali village)ত বৰ্তমানেও ক'ভিডে প্ৰভাৱ পেলোৱা নাই । উল্লেখ্য যে, বুঢ়ী দিহিং নদী(Burhi Dihing river)ৰ মাজত অৱস্থিত ভগামূৰ নেপালী গাঁৱ(Bhagamur Nepali village)ত যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে বাহিৰা লোকৰ সৈতে বিশেষ আহ-যাহ নাই ৷ তথা গাঁওখনত যোগাযোগৰ ব্যৱস্থা(Communication system) নথকাৰ বাবে ক'ভিডত গাঁৱখনৰ কোনো লোক আক্ৰান্ত হোৱা নাই বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । ফলত গাঁওখনৰ ৰাইজে ক'ভিডক লৈ কোনো ধৰণৰ শংকাবোধ নকৰি একেবাৰে সাধাৰণ জীৱন ধাৰণ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.