thumbnail

By

Published : Jul 25, 2021, 3:54 PM IST

Updated : Jul 25, 2021, 4:51 PM IST

ETV Bharat / Videos

ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান । এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যোৰহাট আৰক্ষীয়ে শনিবাৰে লাভ কৰে এক বৃহৎ সফলতা । যোৰহাট আৰক্ষীৰ এটা দলে অভিযান চলাই বৰহোলাৰ পৰা প্ৰায় 13 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে চাৰিটাকৈ ড্ৰাগছ সৰবহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ড্ৰাগছখিনি গোলাঘাট জিলাৰ নাওজান অঞ্চলৰ ৰঞ্জিত দাসৰ পৰা ক্ৰয় কৰা বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে । গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবাহকাৰীকেইটা ক্ৰমে মাধুৰ্য নাথ, উত্তম দাস, চাহজাহান আলী আৰু বুবুল হুছেইন । ড্ৰাগছ সৰবৰাহকাৰীকেইটাই ব্যৱহাৰ কৰা AS 04 M-1351 নম্বৰৰ এখন বগা ৰঙৰ বলেৰ’ বাহন জব্দ কৰিছে আৰক্ষীয়ে ।
Last Updated : Jul 25, 2021, 4:51 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.