নাৰী দেহ ব্যৱসায় : বিলাসী অট্টালিকাৰ পৰা আটক 11 গৰাকী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 8, 2021, 9:45 PM IST

ক'ভিড সৃষ্ট লকডাউনৰ পৰিৱেশৰ মাজতেই ৰাজ্যৰ বহু চহৰত মুকলিকৈ চলি আছে নাৰী দেহ ব্যৱসায়ীৰ চক্ৰ(sex racket) । অৱশ্যে, আৰক্ষীৰ তৎপৰতাত উৎখাত হৈছে ইটোৰ পিছত সিটো দেহ ব্যৱসায়ীৰ ঘাটি । শেহতীয়াকৈ নগাঁও আৰক্ষী(nagaon police)ৰ জালত পৰিল দেহ ব্যৱসায়ৰ সৈতে জড়িত আন এটা বৃহৎ চক্ৰ ৷ ঘটনাৰ কেন্দ্ৰবিন্দু নগাঁও চহৰৰ লক্ষীনগৰৰ এটা বিশাল অট্টালিকা । অট্টালিকাটোত ভাৰাতীয়া হিচাপে আছে কেইবাগৰাকীও পুৰুষ মহিলাৰ লগতে কলেজীয়া ছাত্ৰ ছাত্ৰীও । হঠাৎ, বৃহস্পতিবাৰে গোপন সূত্ৰৰ পম খেদি এই বিশেষ অট্টালিকাত তালাচী অভিযান চলালে আৰক্ষী বাহিনীয়ে ৷ আৰক্ষীৰ তালাচীত প্ৰথম অৱস্থাত অসংযত অৱস্থাত উদ্ধাৰ হ’ল দুগৰাকীকৈ মহিলা ৷ পৰৱৰ্তী সময়ত আৰু দুগৰাকী মহিলা তথা ঘৰটোৰ মালিক মৃদুপৱন শইকীয়া সহ মুঠ ছগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । আৰক্ষীৰ অভিযানত মৃদুপৱন শইকীয়াৰ এই ঘৰটোৰ পৰা উদ্ধাৰ হ’ল নগদ 70000 টকাৰ লগতে বহু আপত্তিজনক সামগ্ৰী ৷ ঘৰটোৰ মালিকে কিছু লোকক ভাৰাতীয়া হিচাপে থকা দেখুৱাই সুকলমে দেহ ব্যৱসায় চলাই থকা বুলিও দাবী কৰিলে খোদ আৰক্ষী বিষয়াই । উল্লেখ্য যে, ঘৰৰ মালিক মৃদুপৱন শইকীয়া এটা ছাত্ৰ সংগঠনৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে ৷ ইফালে, ঘৰটোত ভাৰাতীয়া হিচাপে থকা কেইবাগৰাকী কলেজীয়া ছাত্ৰ-ছাত্ৰীও সম্প্ৰতি তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনীয়তাৰ কথাও উল্লেখ কৰিলে আৰক্ষীয়ে ৷ এই সকলৰ বিৰুদ্ধে অনাগত সময়ত কি ব্যৱস্থা হাতত লোৱা হয় সেইয়া হ’ব লক্ষণীয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.