ফেনাৰবাচ ক্লাৱৰ হৈ খেলাৰ বাবে তুৰ্কীত উপস্থিত হৈছে মেছুট অ'জিল - তুৰ্কীত উপস্থিত হৈছে মেছুট অ'জিল
🎬 Watch Now: Feature Video

প্ৰাক্তন আৰ্ছেনালেৰ খেলুৱৈ 32 বছৰীয়া মেছুট অ'জিলে শেহতীয়াভাৱে কয় যে,ফুটবল খেলাৰ বাবে মই এতিয়াও ফিট হৈ আছো ৷ দেওবাৰে ফুটবলাৰগৰাকীয়ে ফেনাৰবাচে ক্লাৱৰ হৈ খেলাৰ বাবে তুৰ্কীত উপস্থিত হৈছে ৷ 2013 চনত ৰিয়েল মাদ্ৰিদৰ হৈ খেলি থকাৰ সময়তে 42 মিলিয়ন আমেৰিকান ডলাৰত চুক্তিবদ্ধ হোৱা অ'জিলে আৰ্ছেনালৰ হৈ বহুকেইখন মেচত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ কিন্তু শেহতীয়াভাৱে মাৰ্চ মাহৰ পৰা লণ্ডনৰ হৈ খেলা নাছিল অ'জিলে ৷ ক্লাব প্ৰিমিয়াৰ লীগ আৰু ইউৰোপা লীগতো অংশ গ্ৰহণ কৰা নাছিল খেলুৱৈ গৰাকীয়ে ৷