আই পি এল 12 : ৰাজস্থানৰ গৃহভূমিত নাইট ৰাইডাৰ্ছ - আই পি এল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-2930377-thumbnail-3x2-kkr-3.jpg)
আই পি এলৰ দেওবাৰৰ দ্বিতীয়খন মেচত ছাৱাই মানসিং ষ্টেডিয়ামত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ ৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক আজ্যিংকা ৰাহানেৰ বাবে এই মেচখনত মুখ্য চিন্তাৰ কাৰণ হ’ব কলকাতাৰ বিস্ফোৰক বেটছমেন আণ্ড্ৰে ৰাছেল ৷ কলকাতাই বৰ্তমান লৈকে নিজৰ 4 খন মেচৰ 3 খনত জয় লাভ কৰাৰ বিপৰীতে 1 খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে ৷ আনফালে ধাৰাবাহিক 3 খন মেচত পৰাজয়ৰ পিচত ৰয়েল চেলেঞ্জাৰ্ছ বিৰুদ্ধে জয় লাভ কৰা আজ্যিংকা ৰাহানে নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ দলটোৰ লক্ষ্য হ’ব জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ ৷ এই মেচখনক লৈ ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান আই পি এল বিশেষ....