Wood smuggling in Assam: কাজিৰঙাত উদ্ধাৰ বুজন পৰিমানৰ মূল্যবান কাঠ - বোকাখাতত আৰক্ষী আৰু বন বিভাগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 17, 2022, 8:28 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

বোকাখাতত আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি অসাধু চক্ৰই দৈনিক চলাই গৈছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Bokakhat)৷ নিশা হলেই বোকাখাতৰ সমিপৱৰ্তী কাৰ্বি পাহাৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানলৈ দৈনিক চোৰাং ভাৱে ৰপ্তানি হয় লক্ষাধিক টকাৰ কাঠ (Wood smuggling in Assam) । বুধবাৰে নিশা কাৰ্বি আংলং জিলাৰ ডলামৰা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা টহলদাৰী দ’লে কাজিৰঙাৰ দিৰিং অঞ্চলত প্ৰায় ৩ লক্ষাধিক টকা মূল্যৰ কাঠ জব্দ কৰে । গৰাকীবিহীন কাঠখিনি বনচুম, তিতাচপা, পমা আদি মূল্যবান গছৰ বুলি জানিব দিয়ে বন বিভাগৰ লোকে । কোনো দুষ্ট চক্ৰই অবৈধ ভাৱে বিক্ৰী কৰিবৰ উদ্দেশ্যে কাঠখিনি উক্ত স্থানত পেলাই ৰাখিছিল বুলি ধাৰণা কৰা হৈছে । বন বিভাগৰ টহলদাৰী দলটোৱে কাঠখিনি জব্দ কৰি ডলামৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ স্থানান্তৰিত কৰা বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.