জনজাতিকৰণৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ - বিশ্বনাথ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 21, 2022, 9:05 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ৰাজ্যত অব্যাহত আছে ছয় জনগোষ্ঠীক জনজাতিকৰনৰ দাবীত প্ৰতিবাদ ৷ সোমবাৰেও বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনগোষ্ঠী, আহোম, কোঁচ ৰাজবংশী, মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Six communities protest at Biswanath)৷ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে কয় যে, কংগ্ৰেছৰ অপশাসনৰ কৰাৰ ফলতে বিজেপি চৰকাৰ আহিছিল, কংগ্ৰেছে ছয় জনগোষ্ঠীক প্ৰৱঞ্চনা কৰাৰ ফলতে বনবাস খাটিবলগীয়া হৈছে আৰু ঠিক সেইদৰে বিজেপিৰ চৰকাৰকো ছয় জনগোষ্ঠীয়ে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে৷ পৰৱৰ্তী পৰ্যায়ত বিযয়টোত চৰকাৰে গুৰুত্ব নিদিলে দিল্লী, দিছপুৰ কঁপাই তুলিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.