Xeuji xuwoni award : নিপন গোস্বামী, মলয়া গোস্বামী, প্ৰণয় বৰদলৈ সেউজী শুৱনি বঁটা - সাংবাদিক প্ৰণয় বৰদলৈক সেউজী শুৱনি বঁটা প্ৰদান
🎬 Watch Now: Feature Video
অসমৰ সাহিত্য-সংস্কৃতি আৰু সংবাদ ক্ষেত্ৰৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বহুকেইগৰাকী ব্যক্তিক মঙলবাৰে সন্মানিত কৰা হয় 2021 বৰ্ষৰ সেউজী শুৱনি বঁটাৰে (Xeuji Xuwoni Award)। মহানগৰীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অসমীয়া চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা নিপন গোস্বামী (Actor Nipan Goswami), অভিনেত্ৰী মলয়া গোস্বামী (Actress Moloya Goswami) আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ (Journalist Pranay Bordoloi) ক প্ৰদান কৰা হয় এই জীৱনজোৰা সাধনা বঁটা । এই বঁটাত আছে এখন চেলেং চাদৰ, এটা জাপি, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ । সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী সংগঠন ‘Rural Organisation For Development’ ৰ উদ্যোগত অনুষ্ঠিত হৈছিল বঁটা প্ৰদান অনুষ্ঠান ৷