বিহু গীত গাই ৰাইজক ৰঙালীৰ শুভেচ্ছা নাহিদ আফ্ৰিনৰ - কণ্ঠশিল্পী নাহিদ আফ্ৰিন
🎬 Watch Now: Feature Video

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে অসমীয়াই অনুষ্টুপীয়াকৈ বিহু পালন কৰিছে ৷ চৰকাৰী নিয়ম ভংগ নকৰাকৈয়ে প্ৰান্তে প্ৰান্তে উদযাপিত হৈছে গৰু বিহু । ৰাজ্যৰ শিল্পী সমাজেও ঘৰতে পালন কৰিছে চেনেহৰ বিহুটি । কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ঘৰৰ পৰাই অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । লক ডাউন তথা কৰ'ণাৰ ভয়াৱহতাৰ বাবেই নিজৰ সকলো বিহু অনুষ্ঠান বাতিল হোৱাৰ কথা উল্লেখ কৰে নাহিদে । ইফালে সকলোকে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID 19ৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ আহ্বান জনাইছে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ।