অসম চৰকাৰৰ উদ্যোগত কৰ'ণা ভাইৰাছৰ সজাগতামূলক গীত
🎬 Watch Now: Feature Video
বিশ্বজুৰি কৰ'ণা ভাইৰাছে লৈছে ভয়াৱহ ৰূপ। এনে সংকটৰ সময়ছোৱাত ৰাইজক সতৰ্ক কৰা বাবে চৰকাৰ-প্ৰশাসনে লৈছে ভিন্ন পন্থা। ৰাইজক সজাগ কৰাৰ লগতে জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে শেহতীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ সজাগতামূলক ভিডিঅ'। ভিডিঅ'টোত চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী তথা জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলে কিদৰে নিজৰ কাম কৰি গৈছে তাক সুন্দৰকৈ উপস্থাপন কৰা হৈছে। তাৰোপৰি কিদৰে নিজকে চাফ চিকুণ কৰি ৰাখিব লাগে তাকো দেখুওৱাৰ চেষ্টা কৰা হৈছে । গীতটিত কণ্ঠদান কৰিছে প্ৰখ্যাত সংগীতশিল্পী পুলক বেনাৰ্জী, শান্তা উজীৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীয়ে।