thumbnail

Sankar Sangha adhiveshan: ৰাইজৰ ত্যাগৰ বিনিময়ত সংঘ ক্ৰমাৎ শক্তিশালী হৈছে: মুখ্য সম্পাদক বাবুল বৰা

By

Published : Feb 25, 2022, 9:10 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

শুকুৰবাৰৰ পৰা নাহৰকটীয়া ৰাঙলী পথাৰৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন আৰম্ভ হৈছে (Sankar Sangha adhiveshan at Naharkatia) ৷ ইতিমধ্য দেশ-বিদেশৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত ভক্তসকল আহি অধিৱেশনস্থলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ এই অধিৱেশনস্থলীতে Etv Bharat ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সংঘৰ মুখ্য সম্পাদক বাবুল বৰাই ক’লে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৰাইজৰ ত্যাগৰ বিনিময়ত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ ক্ৰমাৎ শক্তিশালী হৈ উঠিছে । এই যাত্ৰা অবিৰত আৰু অধিক শক্তিশালী হ'ব বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে ৷ ইয়াৰোপৰি নাহৰকটীয়াত অনুষ্ঠিত অধিৱেশনৰ সামৰণি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে শশীচন্দ্ৰ বৰবৰুৱা বঁটা আৰু ৰমাকান্ত মুক্তিয়াৰ আতা বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে সম্পাদক গৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.