thumbnail

By

Published : Feb 14, 2022, 11:20 AM IST

Updated : Feb 3, 2023, 8:11 PM IST

ETV Bharat / Videos

Regular power supply : ৩ বছৰত অসমত ২৪ ঘন্টাই নিয়মীয়া হ’ব বিদ্যুৎ

ৰাজ্যত ৩ বছৰৰ ভিতৰত ২৪ ঘন্টাই নিয়মীয়া হ'ব বিদ্যুৎ(Regular power supply in Assam) ৷ পল্টনবজাৰৰ বিজুলী ভৱনত দেওবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা ৷ সভাখনত মুখ্যমন্ত্ৰী শৰ্মাই ২৮ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত প্ৰায় চাৰে তিনি লাখ মানুহক নতুনকৈ বিদ্যুৎ যোগান ধৰাৰ কথাও জানিবলৈ দিয়ে ৷ তেওঁ ভাৰত চৰকাৰে বিদ্যুৎ যোগানৰ মানদণ্ড উন্নত কৰিবলৈ ৮,০০০ কোটি টকাৰ অনুমোদন দিয়াৰ কথাও উল্লেখ কৰে ৷ ইয়াৰ লগতে ৰাজ্যত বিদ্যুৎ সম্বন্ধীয় সকলো সমস্যা (Electricity in Assam) দূৰ হোৱাৰ লগতে ২০২৩ ৰ মাৰ্চৰ আগতে সকলোকে স্মার্ট মিটাৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ২০ লাখ লোকক তিনি বছৰৰ ভিতৰত ডিজিটেল মিটাৰ দিয়াৰ কথা উল্লেখ কৰি তেওঁ ঘৰে ঘৰে ১০০% স্মার্ট মিটাৰিং কৰা হ'ব (Smart metering) বুলি জানিবলৈ দিয়ে ।
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.