thumbnail

By

Published : Feb 26, 2022, 5:36 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Ram Nath Kovind in Kaziranga: পৰিয়ালসহ কাজিৰঙাত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি

কাজিৰঙাত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৷ পত্নী, কন্যাসসহ বিয়লিৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ram Nath Kovind in Kaziranga) ৷ তিনিদিনীয় ভ্ৰমণ কাৰ্যসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে কাজৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উৰা মাৰে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও কাজিৰঙালৈ যায় ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ৰাষ্ট্ৰপতিগৰাকীক বোকাখাতত নিৰ্মিত অস্থায়ী হেলিপেডত আদৰণি জনায় । শুকুৰবাৰৰ নিশাটো কাজিৰঙাৰ ৰিজৰ্টতে কটাব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.