Zubeen Garg at Duliajan: দুলীয়াজানক সকলোৱে ধনী ঠাই বুলি কয়, কিন্তু ইয়াত ৰাস্তাৰ অৱস্থা নাই; জুবিনৰ ক্ষোভ - Zubeen Garg concert in Duliajan

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 12, 2023, 8:45 PM IST

দুলীয়াজান, ১২ মে': বৃহস্পতিবাৰে দুলীয়াজানত সংগীতানুষ্ঠান পৰিৱেশন কৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে (Zubeen Garg concert in Duliajan)। বিগত বৰ্ষতকৈ বেলেগ ৰূপত অনুষ্ঠান পৰিৱেশন কৰা জুবিন গাৰ্গক ব্যতিক্ৰমী ৰূপত দেখা গ'ল দুলীয়াজানতো । দুলীয়াজানৰ ৰাস্তা বেয়াক লৈ বিহুৰ মঞ্চতে ক্ষোভ প্ৰকাশ জুবিন গাৰ্গৰ । লগতে চিনেমা হলৰ প্ৰসংগতো মঞ্চতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই জুবিন গাৰ্গে (Zubeen Garg react of cinema halls) ।  

তেওঁ কয় যে, দুলীয়াজান ধনী ঠাই বুলি সকলোৱে কয় । কিন্তু, কিন্তু ইয়াত এটা চিনেমা হল নাই, ৰাস্তাৰো অৱস্থাই নাই । এয়া সচাকৈয়ে বৰ দুখৰ কথা । তেওঁ লগতে কয় যে, পইচাবোৰ পকেটত ভৰাই ৰাখিলে কাম নাই, ভাল কাম হ'ব লাগিব চিনেমা হল হ'ব লাগিব, ৰাস্তা ঘাটৰ উন্নতি হ'ব লাগিব । চিনেমা হল নাথাকিলে ছবি বনাই কি লাভ হ'ব বুলি কৈ আঢ্যৱন্তসকলক এটা চিনেমা হল বনাবলৈ অনুৰোধ জনাই জুবিন গাৰ্গে । দুলীয়াজানৰ বিহু অনুষ্ঠানত এই মন্তব্য জুবিন গাৰ্গৰ । 

লগতে পঢ়ক: Haj pilgrims: হজযাত্ৰালৈ সাজু পূৰ্বোত্তৰৰ 6,302 গৰাকী হজযাত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.