Dipawali 2023: দীপাৱলী উপলক্ষে সাপেখাতীত মাটি চাকি বিতৰণ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 9:45 AM IST

thumbnail

মৰাণ, 13 নৱেম্বৰ : ৰাজ্যজুৰি দীপাৱলীৰ উখল মাখল ৷ দেওবাৰে থলুৱা মৃৎ শিল্পীসকলক উৎসাহিত কৰিবলৈ চৰাইদেউৰ সাপেখাতীত মাটি চাকি বিতৰণ কৰিলে যুৱ মৰ্চাই ৷ 

ৰঙীণ লাইটৰ প্ৰভাৱত ক্ৰমাৎ ৰাজ্যত মাটিৰ চাকিৰ ব্যৱহাৰ কমি আহিছে। ফলত মৃৎ শিল্পীসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও ভাবুকি নামি আহিছে । সেয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "vocal for local" আহ্বানক সঁহাৰি জনাই তথা মৃৎ শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে পোহৰৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলাৰ উদ্যোগত লগতে সাপেখাতী আৰু বৰহাট মণ্ডলৰ সহযোগত সাপেখাতী চাৰিআলিত ৰাইজৰ মাজত মাটিৰ চাকি বিতৰণ কৰে ৷ 

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মাটিৰ চাকি, শলিতা, তেল আদি সাপেখাতী চাৰিআলিৰ ৰাইজৰ মাজত বিতৰণ কৰে। 

লগতে পঢ়ক: Public Protest at Sachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.