বাঢ়নী পানীৰ প্ৰবল সোঁতে উটুৱাই নিলে যুৱকক - মুখানী আৰক্ষী থানা
🎬 Watch Now: Feature Video

উত্তৰাখণ্ডত সংঘটিত এক কৰুণ ঘটনা ৷ ভৰ বাৰিষাৰ সময়তে (Monsoon in Uttarakhand) ৰাজ্যখনৰ হালদ্বাণী ৰামনগৰ পথত অৱস্থিত ভখড়া ড্ৰেইন পাৰ হ’বলৈ লওঁতেই ড্ৰেইনটোৰ বাঢ়নীত পানীত উটি যায় এজন ২৭ বছৰীয়া যুৱক (Youth drowned in Bhakra drain) ৷ শনিবাৰে সন্ধিয়া সংঘটিত এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দলে অভিযান আৰম্ভ কৰে ৷ যদিও এই পৰ্যন্ত উলিয়াব পৰা নাই ছদিয়াল নায়কৰ বাসিন্দা পংকজ থাপা নামৰ যুৱকজনৰ সন্ধান ৷ ইফালে মুখানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ বোহৰা বৰষুণৰ সময়ত (Uttarakhand heavy rain) নদী-নলাৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনায় ৷ আনফালে এই ঘটনাই সম্প্ৰতি অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST